This browser does not support the video element.
নগাঁও: নুৰুল আমিন ষ্টেডিয়ামত আজি সৃষ্টি হ’ল এক অভূতপূৰ্ব দৃশ্য ,১৫,০০০ ছাত্র-ছাত্ৰীৰ মানুহে মানুহৰ বাবে গীত পৰিৱেশন
Nagaon, Nagaon | Sep 10, 2025
নগাঁও জিলাৰ ঐতিহাসিক নুৰুল আমিন ষ্টেডিয়ামত আজি সৃষ্টি হ’ল এক অভূতপূৰ্ব দৃশ্য। প্ৰায় ১৫,০০০ জন ছাত্র-ছাত্ৰীয়ে একেলগে স্বৰ্গীয় ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে” গীত পৰিবেশন কৰি স্থাপন কৰিলে এক অনন্য বিশ্বৰেকৰ্ড। এই মহৎ অনুষ্ঠানখনৰ আয়োজন কৰিছিল নগাঁও জিলা প্ৰশাসনে। কাৰ্যসূচীখনত ছাত্ৰ-ছাত্ৰীৰ সমবেত কণ্ঠত প্ৰতিধ্বনিত হ’ল ভূপেন হাজৰিকাৰ অমৰ গীত— “মানুহে মানুহৰ বাবে…” ইণ্ডিয়া বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিখিবলৈ সক্ষম হয় এই অনুষ্ঠানে ।