দুধনৈৰ বাক্ৰাপুৰত মুক্তি য়ুঁজাৰু তথা গাৰো জনগোষ্ঠীৰ প্ৰথম ৰাজনৈতিক নেতা *সোণাৰাম আৰ চাংমাৰ* ১০৯তম বাৰ্ষিক মৃত্যু তিথি উদযাপন ৷ বাক্ৰাপুৰ খেলপথাৰত সোণাৰাম আৰ চাংমা মেমোৰিয়েল ট্ৰাছ ছ'চাইটিৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থাৰ সহযোগত আজি দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে মুক্তি য়ুজাৰু সোণাৰাম আৰ চাংমাৰ মৃত্যু তিথি পালন কৰা হয় ৷ অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ড৹ ৰণোজ পেগু উপস্থিত থাকে।