This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ৭ দফীয়া দাবীৰে নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ আদিবাসী ছাত্ৰ সন্থাৰ
Dhekiajuli Part, Sonitpur | Sep 4, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰত আজি উপস্থিত হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা ৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ আগমনৰ দিনটোতে বৃহস্পতিবাৰে দিনৰ অনুমানিক ১১ বাজি ৩০ মিনিটত ঢেকীয়াজুলিৰ নাৰায়ণপুৰত ৰাজপথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ উল্লেখ্য যে আদিবাসী লোক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৭ দফীয়া দাবীৰে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷