This browser does not support the video element.
ওদালগুৰি: খৈৰাবাৰীত অনুষ্ঠিত হয় বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা, উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা
Udalguri, Udalguri | Sep 12, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ হৈছে ৰাজনৈতিক দল সমুহৰ মাজত। সেইদৰে জিলা খনৰ খৈৰাবাৰীত বিজেপি দলে এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে।সভা খনত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি বিজেপি দলক কিয় ভোট দিব লাগে সেই সম্পৰ্কে ৰাইজক অৱগত কৰে। ইপিনে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক জিতু গোস্বামী, প্ৰাক্তন এমচিএলএ ভবেন্দ্ৰ বড়ো, মিডিয়া পেনেলিষ্ট শ্যামল সৰকাৰ, জিলা বিজেপিৰ সম্পাদক সুজিত সৰকাৰ প্ৰমুখ্যে ৰাইজ উপস্থিত থাকে।