This browser does not support the video element.
বোকাখাত: নুমলীগড়ত নিম কৰিডৰত নিম পুলি ৰোপণ কৰি বিধায়ক মৃণাল শইকীয়াক শলাগ ললে মন্ত্ৰী অতুল বৰাই
Bokakhat, Golaghat | Sep 12, 2025
নুমলীগড়ত নিম কৰিডৰত নিম পুলি ৰোপণ কৰি বিধায়ক মৃণাল শইকীয়াক শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত শলাগ ললে মন্ত্ৰী অতুল বৰাই l প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৪ ছেপ্টেম্বৰত নুমলীগড়ত অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানস্থলীৰ সমীপত ২ কিলোমিটাৰ দৈৰ্ঘ্য পথত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিশেষ প্ৰচেষ্টাত প্ৰায় ৭০০ ত কৈয়ো অধিক নিম গছৰ পুলি ৰোপণ কৰি "প্ৰধানমন্ত্ৰী নিম আলিবাট” সৃষ্টি কৰা হৈছে। এই অনন্য পদক্ষেপৰ শলাগ লৈ আজি এটা নিম পুলি ৰোপণ কৰিলে মন্ত্ৰী অতুল বৰাই।