মঙলদৈ জিলা পুথিভঁৰাল চৌহদত মঙ্গলবাৰে অ বিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনে ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ বিভিন্ন দাবীৰে ৮ ঘণ্টীয়া এক অন্নসন কাৰ্যসূচী ৰূপায়ন কৰে। কলিতা সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান,কলিতা উন্নয়ন পৰিষদলৈ ১ হাজাৰ কোটি টকাৰ আৱন্তন, বীৰ ভগদত্তৰ মৃত্যুৰ দিনটো প্ৰাগজ্যোতিষ দিৱস চৰকাৰীভাৱে ঘোষণা কৰা আদি ১০ দফীয়া দাবীৰে এই অন্নসন কাৰ্যসূচী ৰূপায়ন কৰে।