This browser does not support the video element.
নগাঁও: ৰূপহীহাটৰ গড়েমাটিখোৱা সুলভ মূল্যৰ দোকানত সোমবাৰে নিশা চোৰৰ চাফাই অভিযান, মঙলবাৰে মন্তব্য ভুক্তভোগীৰ
Nagaon, Nagaon | Sep 2, 2025
ৰূপহীহাটৰ গড়েমাটিখোৱা সুলভ মূল্যৰ দোকানত সোমবাৰে নিশা চোৰৰ চাফাই অভিযান। মঙলবাৰে পুৱা প্রায় ১০ মান বজাত মন্তব্য ভুক্তভোগীৰ।আবু তাহেৰ নামৰ সুলভ মূল্যৰ দোকানৰ পৰা চুৰে তলা ভাঙি লুটি নিয়ে ৬১ বস্তা চাউল। গ্ৰাহকৰ কাৰণে সুলভ মূল্যৰ দোকানীয়ে উঠাই আনিছিল ৭১ বস্তা চাউল তাৰে সোমবাৰে নিশা চোৰে লুটি নিয়ে ৬১ বস্তা চাউল।ৰূপহী সমবায় সমিতিৰ অন্তৰ্গত গড়েমাটিখোৱা সুলভ মূল্যৰ দোকানত এই চুৰি কাণ্ডৰ ঘটনাত ৰাইজৰ মাজত চাউল বিচাৰি হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।