This browser does not support the video element.
বালিজানা: চহৰৰ নয়াপাৰাত প্ৰয়াত সাংবাদিকৰ পত্নীৰ মাটি লক্ষীপুৰৰ পৌৰপতিয়ে বেদখল কৰাৰ অভিযোগ, অতিৰিক্ত আয়ুক্তক অভিযোগ দাখিল
Balijana, Goalpara | Sep 4, 2025
চহৰৰ নয়াপাৰাত প্ৰয়াত সাংবাদিকৰ পত্নীৰ মাটি লক্ষীপুৰৰ পৌৰপতিয়ে বেদখল কৰাৰ অভিযোগ। ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তক অভিযোগ দাখিল।বালিজানা চক্ৰৰ অন্তৰ্গত নয়াপাৰাত প্ৰয়াত সাংবাদিক জয়বিন্দু পাটগিৰীৰ পত্নী বিনা পাটগিৰীৰ নামত ৭৮৩ নং দাগৰ আৰু ৫৮৬ নং পট্টাৰ ২ কঠা ১ লেচা মাটি আছে। কিন্তু লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাই উক্ত মাটিত অনাধিকাৰ প্ৰৱেশ কৰি বিশাল আকৃতিৰ দেৱান নিৰ্মাণ কৰি ৩ লেচা মাটি বেদখল কৰিছে।