This browser does not support the video element.
মৰিগাঁও: কোঁচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলক প্ৰশাসনে কৰা বৰ্বৰ আক্ৰমণ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিক্ৰিয়া আছুৰ সভাপতি উৎপল শৰ্মাৰ
Marigaon, Morigaon | Sep 11, 2025
উৎপল শৰ্মাই কয় যে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত সমৱেত শান্তিপূৰ্ণ গনতান্ত্রিক প্ৰতিবাদ কৰিবলৈ অহা জনতাৰ উপৰত অসম আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণক গৰিহণা দিছো। একে সময়তে এই আক্ৰমণৰ সুত্ৰধাৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিছো। এইদৰে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাটো গনতান্ত্রিক দেশ এখনৰ গনতান্ত্রিক প্ৰমূল্যৰ কথা। যদি অহিংস, গনতান্ত্রিক আন্দোলন কৰোঁতে আৰক্ষীয়ে এইদৰে অত্যাচাৰৰ চলাই তেন্তে এইয়া গনতন্ত্রৰ অপমৃত্যোৰ লক্ষণ।