This browser does not support the video element.
বালিজানা: আগিয়া গাওঁ পঞ্চায়তৰ সভাকক্ষত কৃষি ৰাজহ আদালত অনুষ্ঠিত হয়
Balijana, Goalpara | Sep 5, 2025
আগিয়া গাওঁ পঞ্চায়তৰ সভাকক্ষত কৃষি ৰাজহ আদালত অনুষ্ঠিত হয় । কৃষি সঞ্চালক অসম, খানাপাৰা, গুৱাহাটীৰ নিৰ্দেশ মূলে এগ্ৰীষ্টেগ আঁচনিৰ অধীনত গোৱালপাৰা জিলাৰ বিভিন্ন ৰাজহ গাওঁত কৃষি ৰাজহ আদালত অনুষ্ঠিত হয় আৰু ইয়াৰ লগত সংগতি ৰাখি জিলাখনৰ আগিয়া কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত আগিয়া গাওঁ পঞ্চায়তৰ সভাকক্ষত কৃষি ৰাজহ আদালত অনুষ্ঠিত হয় । অনুষ্ঠানত সহকাৰী কৃষি পৰিদৰ্শক সুৰেণ কলিতা , আতোৱাৰ ৰহমান,দেবেশ দাস, ধ্ৰুৱ দাস, কৃষি সম্প্ৰসাৰণ সহায়ক কেৰেণ ৰাভা উপস্থিত থাকে।