Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জাগীৰোডৰ আমজেদ মাৰ্কেটৰ সন্মূখত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বৃদ্ধ

Marigaon, Morigaon | Jun 8, 2025
জাগীৰোডৰ মাজ মজিয়াত খগেন্দ্ৰ দাস নামৰ প্ৰায় ৭৫ বছৰীয়া এজন বৃদ্ধক মহতিয়াই নিয়ে AS-01FL-6667 নম্বৰৰ এখন তীব্ৰবেগী বাহনে৷ বহুদুৰ চোচৰাই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয় লোকজন৷ দুৰ্ঘটনা সংঘটিত কৰি আনাৰুল হ’ক নামৰ চালকজনে পলাবলৈ চেষ্টা কৰে যদিও আটক কৰে স্থানীয় ৰাইজে৷ পৰৱৰ্তী সময়ত জাগীৰোড আৰক্ষী উপস্থিত হৈ লোকজনক মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে জব্দ কৰে বাহনখন। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে আহত লোকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us