মঙ্গলবাৰে পূৱা আনুমানিক ৮ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয়ৰ সীমান্তবৰ্তী ৰাজাবালা বজাৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৰাজাৱালা বজাৰৰ এখন দোকানৰ বহু সামগ্ৰী সম্পূৰ্ণ ৰূপে জুইত ভস্মীভূত হয়।ফলত স্হানীয় ৰাইজে খবৰ দিয়াত হাটশিঙিমাৰী জিলা অগ্ননিৰ্বাপক বাহিনীয়ে ঘটনাস্হলিত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।