This browser does not support the video element.
মৰাণ: মৰাণ নগৰৰ মাজমজিয়াৰ পৰা স্কুটী চুৰি কৰি পলায়ন কৰা গভাইত চোৰক নিজৰ জিম্মাত ল'লে মৰাণহাট আৰক্ষীয়ে
Moran, Dibrugarh | Sep 10, 2025
মৰাণৰ মাজমজিয়াত থকা পাহি অফচেট প্ৰেছৰ সন্মুখত সোমবাৰে চুৰি হৈছিল স্কুটী। দিন- দুপৰতে চোৰে স্কুটীখন চুৰি কৰি লৈ যায়। মৰাণৰ পৰা স্কুটীখন নাগালেণ্ড অভিমুখে লৈ যাওঁতে চৰাইদেউৰ কাকতিবাৰী তিনিআলিত ৰাইজে গভাইত চোৰটোক ধৰি চমজাই দিয়ে । ইয়াৰ পাছতে আজি ভুক্তভোগীয়ে এজাৰহাৰ দাখিল কৰাত মৰাণহাট আৰক্ষীয়ে চোৰটোক নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।