This browser does not support the video element.
বৰপেটা: ৫১৫ নং ভকতপাৰা প্ৰাথমিক বিদ্যালয়ৰ দুজন শিক্ষকৰ এজনক বদলি, শিক্ষাৰ পৰা বঞ্চিত হব ছাত্ৰ ছাত্ৰী #jansamasya
Barpeta, Barpeta | Aug 2, 2025
বৰপেটা চহৰৰ ভকতপাৰাৰ ৫১৫ নং ভকতপাৰা প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষক বদলি কৰাক লৈ অভিভাৱকৰ ক্ষোভ ৷ ১৯২৭ চনত বৰপেটাৰ ভকত পাৰাত স্থাপন কৰা হৈছিল প্ৰাথমিক বিদ্যালয়খন ৷ প্ৰায় শতিকা গৰকা প্ৰাথমিক বিদ্যালয় খন দুজন শিক্ষকেৰে ৯ বছৰ ধৰি চলি আছিল ৷ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ দুজন শিক্ষক প্ৰধান শিক্ষক বিনয় ডেকাক মন্দিয়ালৈ বদলি কৰা হৈছে ৷ অতি পিছ পৰা অঞ্চলটোৰ দুখীয়া ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ দুজন শিক্ষকৰ এজন শিক্ষকক বদলি কৰাত ক্ষোভিত হৈ পৰিছে ৷