This browser does not support the video element.
বাঘবৰ: কলগাছিয়া আৰক্ষীয়ে ভেৰাগাঁৱৰ পৰা শিশু ধৰ্ষনকাৰী ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে
Baghbor, Barpeta | Aug 23, 2025
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত ১৮ বছৰীয়া লম্পট যুৱকৰ কামনাৰ বলি প্ৰায় ৫ বছৰীয়া কন্যা শিশু। লম্পট যুৱক গৰাকী ভেৰাগাঁৱৰ আব্দুল খালেকৰ পুত্ৰ ছফিকুল ইছলাম উৰফে জাহিদুল ইছলাম। যোৱা ২১ আগষ্টত সংঘটিত হৈছে এই ধৰ্ষণৰ ঘটনা। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ নেতৃত্বত শনিবাৰে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী ছফিকুল ইছলামক। পৰৱৰ্তী সময়ত কলগাছিয়া আৰক্ষীয়ে POCSO Act's অধীনত 107/25 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।