This browser does not support the video element.
তিনিচুকীয়া: কৃষ্ণ নগৰত কে এচ এচ ক্লাৱৰ উদ্যোগত শ্ৰী শ্ৰী সাৰ্বজনীন গণেশ পূজা উদযাপন
Tinsukia, Tinsukia | Aug 28, 2025
মাকুম ৰাম কৃষ্ণ মিচনৰ সমীপৰ কৃষ্ণ নগৰত কে এচ এচ ক্লাৱৰ উদ্যোগত প্ৰথম বৰ্ষৰ বাবে শ্ৰী শ্ৰী সাৰ্বজনীন গণেশ পূজাভাগ অতি উলহ মালহেৰে পালন কৰিছে । অঞ্চলটোৰ ডেৰ শতাধিক ভক্তপ্ৰাণ লোকৰ অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । ২৭ আৰু ২৮ আগষ্টব দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা পূজাভাগত আজি বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী উপলক্ষে নিশা ৯ বজাত কন কন শিশুৰ পৰা আদি কৰি সকলোৰে মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ভক্ত সকলক খিচিৰি খোৱাৰ ব্যৱস্থা কৰা দেখা যায় ।