This browser does not support the video element.
ডুমডুমা: ডুমডুমাত চুৰি কাৰ্য্যত জড়িত দুই ভাতৃক আটক আৰক্ষীৰ
Doom Dooma, Tinsukia | Aug 28, 2025
ডুমডুমাত চুৰি কাৰ্য্যত জড়িত দুই ভাতৃক আটক আৰক্ষীৰ ।ডুমডুমা আৰু কাকপথাৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক দুই ভাতৃক । আটকাধীন যুৱক দুজন কাকপথাৰ কুমচাং ১নম্বৰ পোছা লাইনৰ সুৰ্য ভূঞা আৰু অৰুণ ভূঞা । যোৱা ৬ আগষ্ঠত ৰূপাই তপোবনৰ পৰা চুৰি কৰিছিল এখন স্কুটি । কালি নিশা আৰক্ষীয়ে যুৱক দুজনক আটক কৰাৰ লগতে উদ্ধাৰ কৰিছে চুৰি হোৱা স্কুটিখনো । বৃহস্পতিবাৰে দুপৰীয়া প্রায় ১ বজাত চোৰ দুটাই বিগত সময়ত ডুমডুমা, যোগেদি সন্ত্ৰাস সৃষ্টি কৰি অহা বুলি আৰক্ষীয়ে জনাই ।