Download Now Banner

This browser does not support the video element.

তেজপুৰ: পাতিদৈ ভেৰেলা গাঁৱত উপস্থিত হৈ ঢেঁকীপেলোৱাৰ পৰা পাতিদৈ ভেৰেলা সংযোগী পথ পৰিদৰ্শন কৰে বিধায়ক গনেশ কুমাৰ লিম্বুৱে

Tezpur, Sonitpur | Aug 23, 2025
শনিবাৰে দিনৰ ২ বাজি ৩০ মিনিটত পাতিদৈ ভেৰেলা গাঁৱত উপস্থিত হয় বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ উক্ত গাঁৱখনত  উপস্থিত হৈ ঢেঁকীপেলোৱাৰ পৰা পাতিদৈ ভেৰেলা সংযোগী জৰাজীৰ্ণ পথটো পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে ৷লগতে উক্ত পথত অৱস্থিত বাহঁৰ দলংখনৰ পৰা ভবিষ্যতে বিপদজনক পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা লক্ষ্য কৰি গভীৰ চিন্তিত হয় বিধায়ক গনেশ কুমাৰ লিম্বু । সেয়েহে বিভাগীয় বিষয়াসকলক তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণৰ আহ্বান বিধায়কৰ ৷
Read More News
T & CPrivacy PolicyContact Us