This browser does not support the video element.
ডুমডুমা: ডুমডুমাত শিশু শ্ৰমিক কঢ়িয়াই নিয়া চাৰিখনকৈ বাহন জব্দ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কৰদৈগুৰি আঞ্চলিক সমিতিৰ
Doom Dooma, Tinsukia | Aug 12, 2025
মঙ্গলবাৰে পুৱা প্ৰায় ৭ মান বজাত ডুমডুমাত শিশু শ্ৰমিক কঢ়িয়াই নিয়া চাৰিখনকৈ বাহন জব্দ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কৰদৈগুৰি আঞ্চলিক সমিতিয়ে ।এই বাহনকেইখনত আছিল ডুমডুমা অঞ্চলৰ কেইবাখনো বিদ্যালয়ত অধ্যয়নৰত প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী । আনকি, এই শ্ৰমিক সকলক চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও এইদৰে বিপদসংকুলভাৱে কাম কৰিবলৈ লৈ যোৱা হয় । এইধৰণৰ কাৰ্য চলাই থকা চক্ৰটোক শীঘ্ৰেই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আদিবাসী ছাত্ৰ সন্থাই সকিয়নি প্ৰদান কৰিছে ।