This browser does not support the video element.
মাৰ্ঘেৰিটা: লেখাপানীত নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা উফৰি গৈ এঘৰত সোমাল দ্ৰুতবেগী বাহন
Margherita, Tinsukia | Aug 26, 2025
মঙ্গলবাৰে বিয়লি প্ৰায় ৩ মান বজাত তিনিচুকীয়াৰ লেখাপানীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ঘাইপথৰ পৰা উফৰি গৈ এঘৰত সোমাই এখন দ্ৰুতবেগী বাহন । জাগুনৰ পৰা মাৰ্ঘেৰিটাৰ অভিমুখী বাহনখনত আছিল চাৰি জন যাত্ৰী । ঘাইপথৰ পৰা উফৰি গৈ পথৰ দাঁতিৰ এঘৰত সোমাই পৰে বাহনখন । দ্ৰুতবেগী বাহন খনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় । অৱশ্যে দুৰ্ঘটনাত যাত্ৰী সকলৰ কোনো ক্ষতি হোৱা নাই বুলি জানিবলৈ পৰা গৈছে ।