This browser does not support the video element.
বালিজানা: চহৰৰ হাচিলা বিলৰ উচ্ছেদিত ৰাইজে পাতিলে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Balijana, Goalpara | Sep 22, 2025
চহৰৰ হাচিলা বিলৰ উচ্ছেদিত ৰাইজে পাতিলে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোক স্তব্ধ হৈ পৰিছে।জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এই মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইয়াৰ অংশ হিচাপে আজি চহৰৰ সমীপৱৰ্তী হাচিলা বিলৰ উচ্ছেদিত শিবিৰত প্ৰয়াত সুৰ সম্ৰাট জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।উক্ত অনুষ্ঠানত উচ্ছেদিত ৰাইজে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।