Download Now Banner

This browser does not support the video element.

ডুমডুমা: চুলাই খাই মৃত্যুমুখত পৰা যুৱকৰ ন্যায়ৰ দাবীত তালাপত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি শ শ ৰাইজৰ প্ৰতিবাদ

Doom Dooma, Tinsukia | Sep 3, 2025
কালি তালাপত চুলাই খাই ৰাজেশ কিসান নামৰ এজন যুৱকৰ মৃতদেহ লৈ আজি বুধবাৰে দুপৰীয়া প্ৰায় ২ বজাত তালাপত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে । যুৱকজনৰ ন্যায়ৰ লগতে প্ৰশাসনক বাৰম্বাৰ চুলাইভাটি বন্ধৰ দাবী জনায় অহাৰ পিছতো কোনো কানসাৰ নিদিয়াত এইদৰে যুৱকৰ মৃত্যু হোৱা বুলি ক্ষোভ ব্যক্ত কৰে । প্ৰায় ২ঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি ঘটনাৰ তদন্ত, চুলাই ভাটি বন্ধ কৰা, যুৱকৰ ন্যায়, পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ।
Read More News
T & CPrivacy PolicyContact Us