This browser does not support the video element.
বৰপেটা: মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে থুল দক্ষিণহাটিৰ বাপু সকলৰ সাংস্কৃতিক শোভাযাত্ৰাৰে বৰপেটা সত্ৰত কৰভাৰ প্ৰদান
Barpeta, Barpeta | Sep 12, 2025
মহাপুৰুষ মাধৱদেৱ তিৰোভাৱ তিথি উপলক্ষে শুক্ৰবাৰে দক্ষিণহাটীৰ বাপুসকলে এক আকৰ্ষনীয় শোভাযাত্ৰাৰে সত্ৰত কৰভাৰ প্ৰদান কৰে ৷ পুৰ্বৰ পৰম্পৰা অনুসৰি দক্ষিণহাটীৰ বাপুসকলে গায়ন বায়ন সহিতে নাম প্ৰসঙ্গ কৰি বৰপেটা সত্ৰত কৰভাৰ প্ৰাদন কৰে ৷ কৰভাৰ চাউল, তেল, ঔটেঙা, নিমখ, কোমোৰা আদি দক্ষিণহাটীৰ পৰা ভাৰবান্ধি আনি সত্ৰত প্ৰদান কৰে ৷ উক্ত কৰভাৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাস আৰু ডেকাসত্ৰীয়া গৌতম পাঠকেও অংশ গ্ৰহণ কৰে ৷