This browser does not support the video element.
বাঘবৰ: চৰিয়তপুৰত বাল্যবিবাহৰ লগত জড়িত থকা তিনিজনক গ্ৰেপ্তাৰ, পলাতক দৰা
Baghbor, Barpeta | Sep 18, 2025
কলগাছিয়াৰ চৰিয়তপুৰ গাঁৱত একাংশ লোকে এগৰাকী চৈধ্য বছৰীয়া কিশোৰীক গোপনে বাল্যবিবাহ সম্পন্ন কৰাৰ খবৰ পাই কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত থকা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চল ব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উক্ত বাল্যবিবাহৰ লগত জড়িত থকাৰ অভিযোগত চৰিয়তপুৰ গাঁৱৰ আৰজ খান, চিৰাং জিলাৰ ছাতিপুৰ গাঁৱৰ জামাল হুছেইন আৰু ইনছান আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু দৰা আৰু তেওঁৰ পৰিয়ালৰ আন কেইবাজনো মূল অভিযুক্ত পলায়ন কৰে ৷