This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচীত সাংসদ প্ৰদ্যুৎ বৰদলৈ,তিনি শতাধিক লোক কংগ্ৰেছত যোগদান
Margherita, Tinsukia | Sep 1, 2025
সোমবাৰে মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত উপস্থিত থাকে সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদ গৰাকীয়ে মাৰ্ঘেৰিটাত উপস্থিত হোৱাৰ লগে লগে বিশাল বাইক ৰেলীৰে আদৰি অনা পৰিলক্ষিত হয় । আজিৰ কাৰ্যসূচীত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত তিনি শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে । বিয়লি প্রায় ৪ বজালৈকে অনুষ্ঠিত কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৱ চেতিয়া ,যুৱ কংগ্ৰেছৰ সভাপতি পৰাগজ্যোতি কোঁৱৰ উপস্থিত থাকে ।