This browser does not support the video element.
কলগাছিয়া: কলগাছিয়া চাৰিআলি চকত প্ৰেছ ইউনিয়ন আৰু অসম কেডেট কৰ্পচৰ উদ্যোগত মৌন প্ৰাৰ্থনাৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
Kalgachia, Barpeta | Sep 23, 2025
অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ মঙ্গলবাৰে শেষকৃত্য সম্পন্ন হয়। মানুহৰ আত্মাত ঠাই ল'বলৈ সক্ষম হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ মঙ্গলবাৰে সন্ধিয়াত কলগাছিয়া প্ৰেছ ইউনিয়ন আৰু অসম কেডেট কৰ্পচৰ উদ্যোগত কলগাছিয়া চাৰিআলি চকত মৌন প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত কলগাছিয়া প্ৰেছ ইউনিয়নৰ সাংবাদিক আৰু অসম কেডেট কৰ্পচৰ সদস্য সকলে হাতে হাতে মম জ্বলাই জুবিন গাৰ্গৰ বিদেহী আত্মাৰ শান্তি কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা জনায় ৷