Download Now Banner

This browser does not support the video element.

বাঘবৰ: বামুনটাৰী চৰিয়তপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, তদন্তৰ বাবে উপস্থিত শিক্ষা বিষয়া

Baghbor, Barpeta | Sep 2, 2025
কলগাছিয়াৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৯৩৮ নং বামুনটাৰী চৰিয়তপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলামৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে পৰিচালনা সমিতিৰ একাংশ সদস্যই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। বিগত প্ৰায় এবছৰ ধৰি সভা অনুষ্ঠিত নকৰে। নিদিয়ে কোনো ধৰণৰ হিচাপ নিকাচ। দুৰ্নীতি সন্দৰ্ভত ইতিমধ্যে জিলা প্ৰশাসন আৰু শিক্ষা বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে পৰিচালনা সমিতিয়ে। ফলত ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াই তদন্ত আৰম্ভ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us