This browser does not support the video element.
মৰঙী: এৰেঙাপাৰত ৯ মাহৰ গৰ্ভৱতী মহিলাক স্বামীৰ লগতে পৰিয়ালৰ লোকে পেটত গোৰ মাৰি অকথ্য নিৰ্যাতনৰ অভিযোগ পত্নীৰ
Morangi, Golaghat | Sep 2, 2025
গোলাঘাট এৰেঙাপাৰত ৯ মাহৰ গৰ্ভৱতী মহিলাক স্বামীৰ লগতে পৰিয়ালৰ লোকে পেটত গোৰ মাৰি অকথ্য নিৰ্যাতনৰ অভিযোগ মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত ভুক্তভোগী মহিলাৰ।‘মই ৯ মাহৰ গৰ্ভৱতী’ ‘স্বামীৰ পৰিয়ালে মোৰ ওপৰত অত্যাচাৰ চলাইছে’ বুলি অভিযোগ ভুক্তভোগী এগৰাকী মহিলাৰ। ‘মোৰ লগত স্বামীক থাকিবলৈ নিদিয়ে’। ‘মোৰ অজ্ঞাতে অন্য যুৱতীৰ লগত বিয়া পাতিছে স্বামীয়ে’। উজ্জল বৰা নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নিজ পত্নীৰ। বিয়াৰ পিছৰে পৰা পত্নীক অত্যাচাৰ কৰাৰ অভিযোগ মহিলা গৰাকীৰ।