This browser does not support the video element.
হোজাই: নতুনবজাৰ স্থিত গীতামন্দিৰৰ বিল্ডিংৰ ভিতৰত চিপলৈ থকা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ, পৰিয়ালৰ অভিযোগ এয়া হত্যা
Hojai, Hojai | Sep 7, 2025
দেওবাৰে দিনৰ ডেৰ মান বজাত হোজাইত ৰহস্য জনক ভাৱে উদ্ধাৰ এজন লোকৰ মৃতদেহ।হোজাই নতুনবজাৰ স্থিত গীতামন্দিৰৰ বিল্ডিংৰ ভিতৰতে চিপলৈ থকা অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহ।মৃত লোক জন সুভাষ দাস বুলি কৰা হৈছে চিনাক্ত।লোকজনক হত্যা কৰি ওলমাই ৰাখি নাটকীয় ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ।উল্লেখ্য শুক্ৰবাৰে লোকজনৰ সৈতে কেইবাজনো যুৱকে মাৰপিট কৰাৰ অভিযোগ।ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত।আৰক্ষীৰ তদন্তৰ পিছতেই সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব।