This browser does not support the video element.
তিনিচুকীয়া: সদৰত মানসিক বিকাৰগ্ৰস্ত লোকৰ আক্ৰমণত আহত কেইবাজনো ব্যক্তি
Tinsukia, Tinsukia | Sep 7, 2025
দেওবাৰে পুৱাৰ ভাগত তিনিচুকীয়াৰ তিনিকোণীয়া স্থিত ঐতিহাসিক ১২৫বছৰীয়া পুৰণি গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ পূজা মন্দিৰত এজন মানসিক বিকাৰগ্ৰস্ত লোকৰ দ্বাৰা কেইবাজনো ব্যক্তিক আক্ৰমণৰ ঘটনা সংঘটিত । আক্ৰমণত আঘাতপ্ৰাপ্ত হয় ব্যক্তিকেইজন । জানিবলৈ পৰা অনুসৰি আজি পুৱাৰ ভাগত মানসিক ভাৱে বিকাৰগ্ৰস্ত এজন লোকে গোলাপ চন্দ্ৰ নাট্য মন্দিৰৰ প্ৰবেশ দ্বাৰত দুৰ্গা পূজাৰ পেণ্ডেলৰ বাবে ৰাখি থোৱা বাঁহ জ্বলাই ক্ষতিগ্ৰস্ত কৰাত বাধা দিয়াত শিল দলিয়াই আক্ৰমণ কৰি কেইবাজনো ব্যক্তিক আঘাতপ্ৰাপ্ত কৰে ।