This browser does not support the video element.
ওদালগুৰি: খৈৰাবাৰীত নৱ নিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ ভবেন্দ্ৰ বড়োয়ে
Udalguri, Udalguri | May 29, 2025
খৈৰাবাৰীত অৱস্থিত মণ্ডল বিজেপিৰ নৱ নিৰ্মিত কাৰ্য্যালয়টো শুভ উদ্বোধন কৰা হয়। উক্ত নৱ নিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ ভবেন্দ্ৰ বড়োয়ে। আনহাতে ধৰ্মীয় ৰীতি নীতিৰে পূজা অৰ্চনা কৰাৰ অন্তত কাৰ্য্যালয় প্ৰবেশ কৰা হয়। ইপিনে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক জয়ন্ত চক্ৰৱৰ্তী, জিলা বিজেপিৰ সম্পাদিকা বিনীতা কলিতা, মণ্ডল বিজেপিৰ সভাপতি নৃপেন দেৱনাথ প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।