This browser does not support the video element.
বাঘবৰ: মইনবৰী বজাৰত ৰাইজৰ সৈতে মত বিনিময় কৰে প্ৰাক্তন সাংসদ আব্দুল খালেকে
Baghbor, Barpeta | Jul 31, 2025
২৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে ক্ৰমাৎ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমুহ ৷ বিভিন্ন ইচ্যু লৈ ৰাইজৰ মাজত সোমাই পৰিছে ৰাজনৈতিক দলৰ নেতা সকল ৷ সকলোৰে লক্ষ্য ২৬ চনৰ বিধান সভাৰ নিৰ্বাচন ৷ পিছ পৰি থকা নাই কংগ্ৰেছ দলো ৷ ২৬ চনৰ বিধান সভাৰ নিৰ্বচনৰ লক্ষ লৈ ৰাইজৰ মাজত সোমাই পৰিছে বৰপেটা লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে ৷ বৃহস্পতিবাৰে মন্দিয়া সমষ্টিৰ মইনবৰী বজাৰত ৰাইজৰ সৈতে মত বিনিময় কৰে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে ৷