আজি মঙ্গলবাৰে বিয়লি ৪ বজাত ডিব্ৰুগড় আৱৰ্ত্ত ভৱন সভাকক্ষত ভাৰতীয় চাহ মজদুৰ সংঘৰ অসম প্ৰদেশ কমিটিৰ এখন সভা অনুষ্ঠিত হৈ যায়। উজনিৰ প্ৰায় ২০ টা শাখাৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰা এই কাৰ্যনিৰ্বাহক সভা চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমুহৰ সন্দৰ্ভত আলোচনা কৰা হয়।