মঙ্গলবাৰে আবেলি ৩ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয়ৰ সীমান্তবৰ্তী কুৰালভাংগা এল পি স্কুলত জনজাতি সম্প্ৰদায়ৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, বিভিন্ন চৰকাৰী কল্যাণ আঁচনি আৰু বিনামূলীয়া আইনী সাহায্য সেৱা আদি বিভিন্ন বিষয়ৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাখন দক্ষিণ শালমাৰা মানকাচৰ জিলা আইনী সেবা প্ৰধিকাৰীৰ উদ্যোগত আয়োজন কৰা হয়।