This browser does not support the video element.
শিৱসাগৰ: অনুসূচিত জাতিক অস্পৃশ্যৰ লগত তুলনা কৰা পাঠ্যপুথি বন্ধ কৰাৰ দাবীত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী অনুসূচিত জাতিছাত্ৰ সন্থাৰ
Sibsagar, Sivasagar | Sep 2, 2025
অনুসূচিত জাতিক অস্পৃশ্যৰ লগত তুলনা কৰা পাঠ্যপুথি বন্ধ কৰাৰ দাবীত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ কেইবাটাও ভাতৃ সংগঠনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়িত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । দ্বাদশ শ্ৰেণীৰ সমাজ তত্ব বিভাগৰ পাঠ্যপুথিত অনুসূচিত জাতিক অস্পৃশ্যতাৰ লগত তুলনা কৰাত শীঘ্ৰেই এই পাঠ্যপুথি বন্ধ কৰাৰ দাবী তুলি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ।