This browser does not support the video element.
বাঘবৰ: কলগাছিয়াৰ মেলঘৰত ১১ গ্ৰাম ড্ৰাগছ সহ এজন যুৱকক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক
Baghbor, Barpeta | Sep 8, 2025
কলগাছিয়াৰ মেলঘৰত ৯ টা কণ্টেইনাৰত ১১ গ্ৰাম ড্ৰাগছ সহ ফুলবৰ আলী নামৰ এজন যুৱকক ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়ে ৷ উক্ত খবৰৰ ভিত্তিত লগে লগে কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুত ঠাকুৰীয়াৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনক আটক কৰে ৷ আৰক্ষীয়ে যুৱক জনাৰ পৰা ১১ গ্ৰাম ড্ৰাগছ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ৰাইজে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী জনায় ৷