This browser does not support the video element.
মৰিগাঁও: পবিতৰা অভয়াৰণ্যৰ টুপলুং বন শিবিৰৰ সমীপত এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ, খৰ্গটো সংগ্ৰহ কৰিছে বন বিভাগে
Marigaon, Morigaon | Aug 23, 2025
পবিতৰা অভয়াৰণ্যত গঁড়ৰ মৃতদেহ উদ্ধাৰ। টুপলুং বন শিৱিৰৰ কাষতে উদ্ধাৰ মতা গঁড়ৰ মৃতদেহটো। বয়সৰ বাবে গঁড়টোৰ স্বাভাৱিক মৃত্যু হোৱা বুলি অনুমান কৰিছে বন বিভাগে। তথাপিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে গঁড়টোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। পুৱতি নিশা বনকৰ্মীৰ নিয়মীয়া টহলৰ সময়ত প্ৰত্যক্ষ কৰে মৃত গঁড়টো। ইতিমধ্যেই মৃত গঁড়টোৰ অক্ষত অৱস্থাত থকা মুল্যবান খৰ্গটো সংগ্ৰহ কৰিছে বন বিভাগে।