This browser does not support the video element.
গুৱাহাটী: মহানগৰীৰ সাতগাঁৱৰ পথাৰকুৱাৰীত চাইল্ড লাইনৰ এটা দলে আৰক্ষীৰ সহযোগত অভিযান চলাই এজন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়
Guwahati, Kamrup Metropolitan | Sep 11, 2025
মহানগৰীৰ সাতগাঁৱৰ পথাৰকুৱাৰী অঞ্চলত চাইল্ড লাইনৰ এটা দলে আৰক্ষীৰ সহযোগত অভিযান চলাই এজন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পথাৰকুৱাৰীৰ আহমেদ স্কুটাৰ ছাৰ্ভিছ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাত চাইল্ড লাইনে সাতগাঁও আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ১৫ বছৰীয়া শিশু শ্ৰমিকক। জানিব পৰা মতে দীৰ্ঘদিন ধৰি সাতগাঁও অঞ্চলত একাংশ ব্যৱসায়ীয়ে দোকানত শিশু শ্ৰমিকক নিয়োগ কৰি ব্যৱসায় চলাই আহিছিল । এক গোপন খবৰৰ ভিত্তিত চাইল্ড লাইন আৰু সাতগাঁও আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই ।