This browser does not support the video element.
কলগাছিয়া: কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত UDSF ৰ বৃহৎ জয়
Kalgachia, Barpeta | Sep 26, 2025
বৰপেটা জিলাৰ কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত UDSF আৰু NSUI য়ে প্ৰতিদ্বন্দিতা আগবঢ়াই। তাৰে মাজত UDSF ৰ সাধাৰণ সম্পাদক সহ ৩ টা পদ দখল কৰিবলৈ সক্ষম হয়। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আটাইতকৈ আকৰ্ষনীয় পদত UDSFৰ পৰা সাধাৰণ সম্পাদক, আলোচনী সম্পাদক আৰু লঘূ খেল সম্পাদক পদত বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। যাৰ বাবে UDSF ৰ বিজয়ী প্ৰাৰ্থীৰ লগতে ছাত্ৰ ছাত্ৰী সকলোৱে আনন্দত উৎফুল্লিত হৈ পৰে ।