This browser does not support the video element.
নগাঁও: দুই আৰক্ষী কনিষ্টবল বিবেক পটংঙীয়া আৰু উপেন হাজৰিকাক গ্ৰেপ্তাৰ নগাঁৱত সদৰ আৰক্ষীৰ
Nagaon, Nagaon | Aug 30, 2025
নগাঁৱত দুই আৰক্ষী কনিষ্টবল বিবেক পটংঙীয়া আৰু উপেন হাজৰিকাক গ্ৰেপ্তাৰ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰ্মৰত আছিল দুয়ো। কাৰাগাৰৰ ভিতৰত ড্ৰাগছ সৰবৰাহত জৰিত থকাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে। শুক্ৰবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আকস্মিক পৰিদৰ্শনত পোহৰলৈ আনিছিল এই ভয়াবহ তথ্য। ইয়াৰ পিছতেই অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি নগাঁও সদৰ আৰক্ষীৰ।