জয়পুৰ বজাৰৰ সমীপৱৰ্তী মোকাম আলীৰ ঘৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত মোকাম আলীৰ কেবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয়। জানিব পৰা মতে জয়পুৰ বজাৰৰ সমীপৱৰ্তী মোকাম আলীৰ ঘৰত হঠাৎ জুই দাউ দাউকৈ জ্বলি উঠে।জুইৰ লেলীহান শিখা প্ৰত্যক্ষ কৰি অঞ্চলটোত হুৱা দুৱাৰ সৃষ্টি হয়।লগে লগে স্থানীয় ৰাইজে জুই নুমাবলৈ চেষ্টা কৰে। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ পুৰ্বেই জুই শুকাবলৈ সক্ষম হয়।