This browser does not support the video element.
বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে
Balijana, Goalpara | Sep 3, 2025
গোৱালপাৰা মহাবিদ্যালয়ৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে।গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে আজি গোৱালপাৰা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে। অসমৰ মহাবিদ্যালয়সমূহৰ ভিতৰত অন্যতম এই মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপকসকলৰ লগতে একাংশ ছাত্ৰ- ছাত্ৰীৰ লগতো জিলা আয়ুক্ত মহোদয়ে মতবিনিময় কৰে । মহাবিদ্যালয়খনৰ পাৰিপাৰ্শ্বিক পৰিৱেশ, শৈক্ষিক দিশ, পুথিভঁৰাল, শ্ৰেণী কোঠা, প্ৰেক্ষাগৃহ আদি জিলা আয়ুক্ত পৰিদৰ্শন কৰে।