This browser does not support the video element.
কলগাছিয়া: গুনিয়ালগুৰি বজাৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লগত সৰ্ব ধৰ্ম প্ৰাৰ্থনা
Kalgachia, Barpeta | Sep 23, 2025
গুনিয়ালগুৰি বজাৰত মম ধূপ জ্বলাই শেষ শ্ৰদ্ধাঞ্জলি জনালে শতাধিক ৰাইজে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ শতাধিক ৰাইজে ওলাই আহি শিল্পী গৰাকীৰ বিদেহী আত্মাৰ শান্তি কামনা কৰি প্ৰাৰ্থনা জনায়। অনুষ্ঠানটোত গুনিয়ালগুৰি বজাৰ কাৰবাৰী সন্থাই শিল্পী জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতি কামনাৰে সৰ্ব ধৰ্ম প্ৰাথনাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷