This browser does not support the video element.
বাঘবৰ: কোকিলা পূব পাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যুত যোগানৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
Baghbor, Barpeta | Sep 9, 2025
কলগাছিয়াৰ কোকিলা মাজপাৰা গাঁৱত অৱস্থিত কোকিলা পূব পাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দীৰ্ঘদিন ধৰি বিদ্যুত যোগান নথকাত প্ৰচণ্ড গৰমত ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী । বিদ্যালয়খনত এটি সৌৰ বিদ্যুত প্ৰকল্প আছে যদিও সেয়া অধিক সময় বিকল হৈ থাকে। ফলত গৰমত শ্ৰেণীকোঠাত সোমাব নোৱাৰে ছাত্ৰ ছাত্ৰী। প্ৰধান শিক্ষকক কলে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ। ছাত্ৰ ছাত্ৰী সকলে 'বিদ্যুত যোগানৰ ব্যৱস্থা কৰক, শৈক্ষিক পৰিৱেশ ৰক্ষা কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।