This browser does not support the video element.
বিজনী ভাগ: ১ নং বিষ্ণুপুৰ বজাৰত ইউপিপিএলৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম
Bijni Part, Chirang | Sep 5, 2025
আজি চিৰাং জিলাৰ ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এক নং বিষ্ণুপুৰ বজাৰ নাট মন্দিৰ প্ৰাংগনত ইউপিপিএল দলৰ এক যোগদান সভা অনুষ্ঠিত হয়,মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিভিন্ন ভিচিডিচিৰ গাওঁসমূহৰ পৰা বিপিএফ আৰু বিজেপি দলৰ পৰা প্ৰায় পাঁচ শতাধিক লোকে আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে ,এই সভাত ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰী , ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মণ্টু দে উপস্থিত থাকে।