চেঙা সমষ্টিৰ বামুণদংৰাত এআইইউডিএফ দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয় ৷ এআইইউডিএফ দলৰ "সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২০২৬"ৰ অধীনত এক সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত প্ৰধান সংগঠক হিচাপে উপস্থিত থাকে এআইইউডিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক ডাঃ ৰেজ্জা আমিন আৰু সহ-সংগঠক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় যুৱ মৰ্চাৰ সম্পাদক আলহাজ ৱাইজ কৰুনীয়ে । এই কাৰ্যসূচীত কেন্দ্ৰীয় কমিটিয়ে বান্ধি দিয়া ১০০ দিনৰ ভিতৰত সকলো সাংগঠনিক কাম-কাজ সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত লোৱা হয় ৷