This browser does not support the video element.
গোলাঘাট: মেৰাপানীত ৩ বছৰীয়া এটি কিশোৰী পুখুৰীত পৰি মৃত্যু,শোকৰ ছাঁ অঞ্চলজুৰী
Golaghat, Golaghat | Aug 25, 2025
মেৰাপানীত ৩ বছৰীয়া এটি শিশু পুখুৰীত পৰি মৃত্যু।শোকৰ ছাঁ অঞ্চলজুৰী l সোমবাৰে বিয়লি প্ৰায় ৩ বজাত মেৰাপানীত কিশোৰীৰ সলিল সমাধি। মেৰাপানী চলংপথাৰত সংঘটিত হৈছে এই ঘটনা। চলংপথাৰৰ বিমান কৰ্ম্মকাৰৰ একমাত্ৰ সন্তান ঘৰৰ ওচৰতে থকা এটা পুখুৰীত পৰি সলিল সমাধি ঘটে। ঘৰত মাতৃয়ে কাম কৰি থকা অৱস্থাতে কিশোৰী গৰাকীয়ে ঘৰৰ দাতিতে থকা পুখুৰীত পৰে। ইয়াৰ পাছতে কিশোৰী গৰাকীক মেৰাপানী চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষনা কৰে কিশোৰী গৰাকীক।