This browser does not support the video element.
বৰপেটা: জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত কৌস্তৱ কলিতাৰ সভাপতিত্বত জিলা টাস্ক ফোৰ্চৰ সভা
Barpeta, Barpeta | Sep 4, 2025
বৰপেটা জিলাত অহা ১২, ১৩ আৰু ১৪ অক্টোবৰত ৰূপায়ণ হ'বলগীয়া পালছ প'লিও প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে বৃহস্পতিবাৰে জিলা টাস্ক ফোৰ্চৰ এখন সভা অনুষ্ঠিত হয়।বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত কৌস্তৱ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লক্ষ্য নিৰ্ধাৰিত পাচ বছৰৰ তলৰ শিশুসকলক সম্পূৰ্ণৰূপে সামৰি লোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। বৈঠকত দাখিল হোৱা তথ্য অনুসৰি এই অভিযানৰ জৰিয়তে এইবাৰ দুই লাখ ৯১ হাজাৰ শিশুক সামৰি লোৱা হব।