This browser does not support the video element.
বালিজানা: ৰাক্ষসিনীত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাত জাঙুৰ খাই উঠিছে এআইইউডিএফৰ মুখপত্ৰ আব্দুল হাইয়ে
Balijana, Goalpara | Aug 23, 2025
ৰাক্ষসিনীত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাত জাঙুৰ খাই উঠিছে এআইইউডিএফৰ মুখপত্ৰ আব্দুল হাইয়ে। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কোন খিনি এলেকা ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ তাক এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই। সীমা নিৰ্ধাৰণ নোহোৱাকৈ কেনেকৈ উচ্ছেদ অভিযান চলাব পাৰে বুলি জিলা প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰে। জিলা প্ৰশাসনে দাবী ধমকি দি গৰাখহনীয়া গ্ৰস্ত লোকক উচ্ছেদ কৰি আছে।আদানী আম্বানী যদি অসমৰ মাটিত উদ্যোগ স্থাপন কৰিব পাৰে আমি অসমীয়া হৈ কিয় নোৱাৰিম বুলি কয়।