সৰুপথাৰৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ অবৈধ ভাবে বিক্ৰী কৰা সুৰাৰ বিৰুদ্ধে অভিযানত এক হাজাৰ লিটাৰতকৈ অধিক সুৰা জব্দ l মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সৰুপথাৰৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান l গোলাঘাট জিলাৰ আবকাৰী বিভাগৰ সৰুপথাৰৰ দলটোৱে সৰুপথাৰ আৰক্ষীৰ সহযোগত সমজিলাখনৰ বিভিন্ন ধাবা , ১ নং আৰু ২ নং গন্ধকৰৈ আদি অঞ্চলত অবৈধ সুৰা বিৰোধী তালাচী অভিযান চলাই l অভিযানত এক হাজাৰ লিটাৰকৈ অধিক সুৰা জব্দ কৰে দলটোৱে।